ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ চেলিম ডুৰাণীৰ দেহৱসান।

স্প’ৰ্টছ ডেস্ক:

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ চেলিম ডুৰাণীৰ দেহৱসান। মৃত্যুৰ সময়ত ক্ৰিকেটাৰগৰাকীৰ বয়স আছিল ৮৮ বছৰ। ভাতৃ জাহাংগীৰ ডুৰাণীৰ সৈতে গুজৰাটৰ জামনগৰত বাস কৰিছিল প্ৰসিদ্ধ ক্ৰিকেটাৰগৰাকীয়ে। চলিত বৰ্ষৰ জানুৱাৰী মাহত পিচলি পৰাৰ ফলত উৰুৰ হাড় ভাঙি যোৱা ডুৰানীয়ে প্ৰক্সিমেল ফেম’ৰেল নখৰ অস্ত্ৰোপচাৰ কৰিছিল।

সুন্দৰ চেহেৰা, হাস্যৰসিক, ষ্টাইলিছ ক্ৰিকেটাৰগৰাকীৰ জন্ম হৈছিল ১৯৩৪ চনত কাবুলত। ডুৰাণীয়ে নিজৰ আক্ৰমণাত্মক বেটিং শৈলীৰে দৰ্শকৰ মাজত এক অনবদ্য আসন দখল কৰি থৈছে।বিভিন্ন সময়ত দুৰ্দান্ত ছিক্সাৰেৰে হৃদয় জিনি থৈছে অনুৰাগীৰ।

 

বাওঁহতীয়া আক্ৰমণাত্মক বেটছমেন আৰু স্পিনাৰ ডুৰাণীয়ে ২৯খন টেষ্ট খেলি ১২০২ ৰান সংগ্ৰহ কৰাৰ লগতে দখল কৰিছিল ৭৫টাকৈ উইকেট । ১৯৭১ চনত ৱেষ্ট ইণ্ডিজত ভাৰতৰ প্ৰথম টেষ্ট জয়ত অৰিহণা যোগোৱা সেই যাদুকৰী বলিং স্পেলটোৰ বাবে তেওঁক সৰ্বাধিক স্মৰণ কৰা হয়। উল্লেখ্য যে এই টেষ্টখনতেই কিংবদন্তি সুনীল গাভাস্কাৰৰ অভিষেক ঘটিছিল। ১৯৬২ চনত প’ৰ্ট অৱ স্পেইনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তেওঁ এটা টেষ্ট শতক অৰ্জন কৰিছিল। ১৯৭৩ চনৰ ফেব্ৰুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে ব্ৰাবৰ্ণ ষ্টেডিয়ামত কেৰিয়াৰৰ অন্তিমখন টেষ্ট খেলিছিল ডুৰাণীয়ে।

আনহাতে বলীউডতো খোজ পেলাইছিল তাৰকা ক্ৰিকেটাৰগৰাকীয়ে। ১৯৭৩ চনত তেওঁ ‘চৰিত্ৰ’ নামৰ চিনেমাত প্ৰখ্যাত অভিনেতা পাৰবীন বাবীৰ বিপৰীতে অভিনয় কৰিছিল। মহান খেলুৱৈ গৰাকীৰ মৃত্যুত শোকস্তদ্ধ সমগ্ৰ ক্ৰিকেটবিশ্ব।।

You might also like
Leave A Reply

Your email address will not be published.