ইছৰোৰ বৃহৎ সফলতা!

পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপন বাহন R L V LEXৰ সফল পৰীক্ষণ

নেচনেল ডেস্ক:

হাকাশত ভাৰত আত্মনিৰ্ভৰশীল হোৱাৰ দিশত আন এক বৃহৎ জাপ! ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ বৃহৎ সফলতা! পুনৰ ব্যৱহাৰযোগ্য উৎক্ষেপন বাহন R L V LEXৰ সফল পৰীক্ষণ।ইছৰোৰ তথ্য অনুসৰি আজি পুৱা কৰ্ণাটকৰ চিত্ৰদুৰ্গাত এৰ’নটিকেল টেষ্ট ৰেঞ্জ (এ টি আৰ)ত ৰিইউজেবল লঞ্চ ভেহিকেল অটোন’মাছ লেণ্ডিং মিছন (আৰ এল ভি এল ই এক্স) সফলতাৰে সম্পন্ন কৰে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’) আৰু ভাৰতীয় বায়ুসেনাৰ সৈতে ইছৰোৰ বিজ্ঞানীসকলে সফলতাৰে সম্পন্ন কৰে এই পৰীক্ষণ।

পুৱা ৭.১০ বজাত উৰা মাৰি ৭.৪০ বজাত এ টি আৰ বিমানপথত অৱতৰণ কৰে আৰ এল ভিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.