আজি ৩ এপ্ৰিল

▶️আজি গিনিৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৬৮০ চনৰ আজিৰ দিনটোতেই ছত্ৰপতি শিৱাজীৰ মৃত্যু হৈছিল। মাৰাঠাৰ শক্তি হ্ৰাস।
▶️১৮৫৭ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াক ‘ভাৰত সম্ৰাজ্ঞী’ ৰূপে ঘোষণা।
▶️১৮৯৬ চনৰ আজিৰ দিনটোতেই প্ৰখ্যাত ৰুছ বিজ্ঞানী নিকোলাই নিকোলেভিচ ছেমেনভৰ জন্ম হৈছিল। ১৯৫৬ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰথম শ্ৰমিক আন্দোলন।
▶️১৯৬৬ চনৰ এই দিনটোতেই ভাৰতত প্ৰথম কম্পিউটাৰৰ প্ৰৱৰ্তন।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ দক্ষিণ আৰু মধ্য-পশ্চিম প্ৰদেশত মুঠ ১৪৮টা টৰ্নেডো প্ৰবাহিত। ২৪ ঘন্টাৰ ভিতৰত প্ৰবাহিত এই সংখ্যাই এতিয়ালৈকে সৰ্বাধিক।
▶️১৯৮৭ চনৰ আজিৰ দিনটোতেই কবি-সাংবাদিক সচ্চিদানন্দ বাৎসায়নৰ মৃত্যু হৈছিল। ১৯৭৮ চনত বাৎসায়নে লাভ কৰিছিল ভাৰতীয় জ্ঞানপীঠ বঁটা।
▶️১৯৯১ চনৰ এই দিনটোতেই কুৰি শতিকাৰ প্ৰসিদ্ধ ঔপন্যাসিক গ্ৰাহাম গ্ৰীনৰ মৃত্যু হৈছিল।
▶️২০০২ চনৰ আজিৰ দিনটোতেই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২০০১ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰদান।
▶️২০০৫ চনৰ এই দিনটোতেই পোপ জন পল দ্বিতীয়ৰ মৃত্যু হৈছিল।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই অষ্টাদশ বিধানসভা গঠনৰ বাবে অসমত দুতৰপীয়া নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সম্পন্ন। দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয় ১০ এপ্ৰিলত।।

You might also like
Leave A Reply

Your email address will not be published.