ঝাৰখণ্ডৰ চাত্ৰাত আৰক্ষীৰ বৃহৎ সাফল্য!

আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৫ দুধৰ্ষ নক্সালপন্থী

নেচনেল ডেস্ক:

ঝাৰখণ্ডৰ চাত্ৰাত আৰক্ষীৰ বৃহৎ সাফল্য!আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৫ দুধৰ্ষ নক্সালপন্থী। অভিযানস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুটাকৈ এ কে ৪৭ ৰাইফল। নিহত পাঁচ নক্সালৰ ভিতৰত দুজনৰ শিৰৰ মূল্য ধাৰ্য্য কৰা আছিল ২৫ লাখ টকাকৈ। আনহাতে আন দুই নক্সালৰ শিৰৰ মূল্য ৫ লাখ টকাকৈ ঘোষণা কৰিছিল চৰকাৰে। বাতৰি প্ৰস্তুত কৰা সময়লৈকে এই অভিযান অব্যাহত আছে বুলি ঝাৰখণ্ড আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, দেওবাৰে আৰক্ষী আৰু ডি আৰ জিৰ যৌথ দলে বিদ্ৰোহী কবলিত ছত্তীশগড়ৰ কাংকেৰ জিলাত গ্ৰেপ্তাৰ কৰে তিনি নক্সালপন্থীক।আৰক্ষীয়ে জনোৱা মতে, সমুন্দ ওৰফে সুমন সিং আঞ্চলা, সঞ্জয় কুমাৰ উছেন্দী আৰু পৰশ্ৰম ধনুলক গ্ৰেপ্তাৰ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.