৩৬ ভক্তৰ মৃত্যু হোৱা মন্দিৰত প্ৰশাসনৰ বুলড’জাৰ!

নিউজ ডেস্ক:

ইবাৰ মন্দিৰত চলিল প্ৰশাসনৰ বুলড’জাৰ। মন্দিৰৰ অবৈধ নিৰ্মাণৰ বিৰুদ্ধে প্ৰশাসনৰ এই অভিযান। এই মন্দিৰটোতেই মৃত্যু হৈছিল ৩৬ গৰাকী লোকৰ। ইন্দোৰৰ কুঁৱাত পৰি ভক্তৰ মৃত্যু হোৱা ঘটনাৰ পাছতেই প্ৰশাসনৰ এই সিদ্ধান্ত। ৩০ মাৰ্চত ৰাম নৱমী উত্‍সৱৰ সময়ত ছাদ খহি পৰাৰ ফলত ২১ গৰাকী মহিলা আৰু দুটি শিশুসহ ৩৬ ভক্তৰ মৃত্যু হৈছিল। তাৰ পাছতেই সোমবাৰে পৌৰ নিগম আৰু আৰক্ষীৰ এটা বৃহত্‍ দল ঘটনাস্থলীত উপস্থিত হৈ অবৈধ নিৰ্মাণথলীত বুলড’জাৰ চলায়। মন্দিৰৰ অবৈধ নিৰ্মাণকাৰ্য্য ভাঙিবলৈ ঘটনাস্থলীত জেচিবিকে ধৰি ব্যৱহাৰ কৰা হয় বিভিন্ন যন্ত্ৰপাতি। ইফালে সম্ভাব্য অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ মোতায়ন কৰা হয় বহু সংখ্যক আৰক্ষী জোৱান। উল্লেখ্য যে, এই অবৈধ নিৰ্মাণৰ বিৰুদ্ধে বহু জনে অভিযোগ উত্থাপন কৰি আহিছিল।।

You might also like
Leave A Reply

Your email address will not be published.