ভাৰতীয় জল সেনাৰ হেলিকপ্টাৰ জৰুৰীকালিন অবতৰণ!

নেচনেল ডেস্ক:

জি পুৱাৰভাগত ভাৰতীয় নৌসেনাৰ এখন হেলিকপ্টাৰ মুম্বাইৰ সাগৰীয় উপকূল অঞ্চলত জৰুৰীকালিন অবতৰন কৰে । কথমপি প্ৰাণ ৰক্ষা পৰে হেলিকপ্টাৰখনৰ ২ গৰাকী পাইলটৰ লগতে আন এগৰাকী সদস্যৰ । অবতৰনৰ সময়ত ইঞ্জিনত কিছু গুৰুতৰ যান্ত্ৰিক বিজুতি ঘটাৰ বাবে জৰুৰীকালিন ভাবে সাগৰৰ উপকুল অঞ্চলত অবতৰণ কৰিব লগীয়া হয় ভাৰতীয় সেনাৰ এডভাঞ্চ লাইট হেলিকপ্টাৰখন । ফলশ্ৰুতিত সাগৰত দুব যোৱাৰ উপক্ৰম হয় যদিও নৌসেনাৰ টহলদাৰী জাহাজৰ তৎপৰতাত উদ্ধাৰ হয় হেলিকপ্টাৰখনৰ তিনিওগৰাকী বিষয়া । ইতিমধ্যে এই ঘটনা সন্দৰ্ভত এক উচ্ছস্তৰীয় তদন্তৰ নিৰ্দেশ জাৰী কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.