হেডফোনৰ বাবে প্ৰাণ গ’ল চাপৰৰ এজন যুৱকৰ

হোলীৰ দিনাই চাপৰত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা

নিউজ ডেস্ক:

হোলীৰ দিনাই চাপৰত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা । কাণত হেডফোন লগাই ৰে’লপথ পাৰ হ’বলৈ লওতেই ৰে’লৰ খুন্দাত মৃত্যু হয় এজন যুৱকৰ। নিহত যুৱকজন চাপৰৰ পুঠিমাৰীৰ চিৰাজুল হক বুলি জানিব পৰা গৈছে।জানিব পৰা মতে গাড়ীৰ হেণ্ডিমেন হিচাপে কৰ্মৰত আছিল চিৰাজুল। মঙ্গলবাৰে দিনৰ প্ৰায় ১১ বজাত যুৱকজনে ৰে’লপথ পাৰ হোৱাৰ সময়তে এখন মালবাহী ৰে’লে খুন্দা মাৰে।
যাৰ ফলত থিতাতে মৃত্যু ঘটে চিৰাজুলৰ। উল্লেখ্য যে কাণত হেডফোন পৰিধান কৰি থকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে।

You might also like
Leave A Reply

Your email address will not be published.