ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বৃহৎ সফলতা

নেচনেল ডেস্ক:

ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বৃহৎ সফলতা। পাকিস্তানৰ পৰা একে-৪৭, গোলা-বাৰুদ আৰু নগদ ধন কঢ়িয়াই অনা ড্ৰোন গুলীয়াই ভূপতিত কৰে ভাৰতীয় সেনাই।

প্ৰাপ্ত খবৰ অনসৰি, ১২ আৰু ১৩ এপ্ৰিলৰ মাজনিশা ভাৰতীয় সেনাই জম্মু-কাশ্মীৰ আৰক্ষীৰ সহযোগত নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ পৰা ভাৰতৰ ৰাজৌৰী জিলাৰ সুন্দৰবানী চেক্টৰৰ বেৰী বন্দৰ অঞ্চলত প্ৰৱেশ কৰা এখন ড্ৰোন গুলীয়াই ভূপতিত কৰে। ভূপতিত কৰা ড্ৰ’নৰ পৰা ১৩১ টা একে-৪৭ ৰাউণ্ড, ৫টা মেগজিন আৰু নগদ ২ লাখ টকা উদ্ধাৰ কৰা হৈছে বুলি সেনাই জানিবলৈ দিয়ে। পিছত সেনাই অঞ্চলটোত এক অনুসন্ধান অভিযান চলায়।।

You might also like
Leave A Reply

Your email address will not be published.