ভূমিকম্পই কঁপালে কৰ্ণাটক!

শুকুৰবাৰে এক মজলীয়া ভূমিকম্পই কঁপালে কৰ্ণাটকৰ বিজয়াপুৰা জিলা। ৰিখটাৰ স্কেলত ৩.৯ প্ৰাবল্যত সংঘটিত হয় ভূমিকম্পটো।বিজয়পুৰা তালুকৰ হোনোনুগল গাঁও আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা ৩.২ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অনুভূত হয় এই কম্পন। এই তথ্য সদৰি কৰে কৰ্ণাটক ৰাজ্যিক প্ৰাকৃতিক দুৰ্যোগ নিৰীক্ষণ কেন্দ্ৰই । উল্লেখ্য যে, যোৱা এসপ্তাহত জিলাখনত সংঘটিত এইটো দশমটো ভূমিকম্প। ধাৰাবাহিক ভূমিকম্পৰ সম্ভাৱ্য কাৰণসমূহৰ তদন্তৰ বাবে আজি জিলাখনত উপস্থিত হ’ব বিশেষজ্ঞৰ দল ।।

You might also like
Leave A Reply

Your email address will not be published.