ভেৰগাঁৱত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

ভেৰগাঁৱত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

ভেৰগাওঁ, ৮ জুনঃ ওদালগুৰি জিলাৰ দলংঘাট দ্বিগজ আঞ্চলিক কোচ ৰাজবংশী সন্মালনীৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে বেজভাগৱতী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত কৃতী ছাত্ৰ-ছাত্ৰী অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

দিনযোৰা কাৰ্যসূচীৰে ৰাতিপুৱা ভাগত বন্তি প্ৰজ্বলন,পতাকা উত্তোলন, স্মৃতি তৰ্পণ লগতে ভেৰগাওঁ জিলাৰ কোচ ৰাজবংশী সন্মালনীৰ সভাপতি তৰুণ চন্দ্ৰ বৰাৰ সঞ্চালনাত সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সীতাৰাম ঠাকুৰীয়াই অভিনন্দন অনুষ্ঠানটি উদ্ধোধন কৰে।।

অভিনন্দন অনুষ্ঠান পৰিচালনা সমিতিৰ সম্পাদক জ্যোতিষ চন্দ্ৰ চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা অনিমা ভূঞা বৰুৱাই নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি শিক্ষাৰ্থী সকল জীৱনৰ উপকৃত হোৱাকৈ সাৰুৱা ভাষণ ৰাখে।

অনুষ্ঠানত ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মালনী ৩২ টা আঞ্চলিকৰ ২০২ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ কৃৰ্তী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় বুলি ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মালনীৰ সভাপতি তৰুণ চন্দ্ৰ বৰা আৰু সম্পাদক হেমধৰ ডেকাই জানিবলৈ দিয়ে।।

ভেৰগাওঁৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন

You might also like
Leave A Reply

Your email address will not be published.