ভয়ংকৰ ভূমিকম্পই কঁপালে ফিলিপাইনছ। জানিব পৰা মতে, শনিবাৰে ফিলিপাইনছৰ দাভাও অক্সিডেণ্টেল প্ৰদেশত সংঘটিত হয় ৬.৫ প্ৰাবল্যৰ এটা তীব্ৰ ভূমিকম্প।ফিলিপাইনৰ ভলকেনোলজি এণ্ড চিচমোলজী প্ৰতিষ্ঠানৰ মতে, স্থানীয় সময় অনুসৰি পুৱা ১০.২৬ বজাত চাৰাঙ্গানি চহৰৰ বালুত দ্বীপৰ পৰা প্ৰায় ২৩৪ কিলোমিটাৰ দক্ষিণ-পূবত ৬৬ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল এই ভূমিকম্পটো।এতিয়ালৈকে অহা নাই কোনো হতাহত হোৱাৰ খবৰ।
ইফালে, কৰ্তৃপক্ষই ভূমিকম্প সন্দৰ্ভত জাৰি কৰা নাই কোনো চুনামি সতৰ্কতা। প্ৰশান্ত মহাসাগৰীয় অঞ্চল “ৰিং অফ ফায়াৰ”ৰ কাষত অৱস্থিতিৰ বাবে ফিলিপাইনছত সঘনাই সংঘটিত হয় ভূমিকম্প।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
ভয়ংকৰ ভূমিকম্পই কঁপালে ফিলিপাইনছ !!
Prev Post
Next Post
You might also like