মণিপুৰৰ বিভিন্ন স্থানত বিদ্ৰোহীৰ বিৰুদ্ধে অসম ৰাইফলছৰ পাঁচটা বৃহৎ অভিযান। অভিযানত বুজন পৰিমানৰ বিস্ফোৰক সামগ্ৰী সহ ৫ বিদ্ৰোহীক আটক।
অসম ৰাইফলছৰ সোমচাই বেটেলিয়নে বৃহস্পতিবাৰে উখৰুলৰ ওচৰত আই ই ডি তৈয়াৰ কৰিবলৈ ব্যৱহৃত দুই কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াই অনা এজনক আটক কৰে। ধৰা পৰা বিদ্ৰোহীজনৰ পৰা আই ই ডি তৈয়াৰ কৰা বিস্ফোৰক, এটা ৰিম’ট কণ্ট্ৰোল আৰু বেটাৰি উদ্ধাৰ হয়, যিটো উখৰুলত স্থাপন কৰাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে। উদ্ধাৰ কৰা বিস্ফোৰকৰ সৈতে ধৰা পৰা বিদ্ৰোহীজনক লামলাই আৰক্ষী থানাক গতোৱা হৈছে। ইফালে, মণিপুৰ আৰক্ষীৰ সহযোগত অসম ৰাইফলছে চাৰিটা পৃথক অভিযানত বিষ্ণুপুৰ, ইম্ফল পশ্চিম আৰু উখৰুল জিলাৰ এটা ইউ জি বিদ্ৰোহী সংগঠনৰ এজন বিদ্ৰোহী, প্ৰেপাক (পিআৰঅ’) ৰ এজন বিদ্ৰোহী আৰু এজন অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰক আটক কৰে। অভিযানত বিষ্ণুপুৰ বজাৰৰ পৰা কেচিপি(এন)ৰ এজন বিদ্ৰোহীৰ পৰা এটা হেণ্ড গ্ৰেনেডো উদ্ধাৰ হয়। আটকাধীন বিদ্ৰোহী সকলক সেনাই সোধপোচৰ বাবে আৰক্ষীক গতাই দিছে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
মণিপুৰত বিস্ফোৰক সহ ৫ বিদ্ৰোহীক আটক
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like