এইবাৰ গুৱাহাটীত আৰক্ষীৰ এনকাউন্টাৰ!

১২ ঘণ্টাৰ ভিতৰত ৰাজ্যত দুটাকৈ এনকাউন্টাৰ! বিশ্বনাথৰ পাছত গুৱাহাটীত আৰক্ষীৰ এনকাউন্টাৰত আহত এটা ইৰানী গ্ৰুপৰ সদস্য। দিছপুৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওঁতেই পাঞ্জাবাৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ সমীপত আৰক্ষীৰ গুলীত আহত হয় অমল গোৱালা নামৰ ইৰানী গ্ৰুপৰ সদস্যটো।ঝাৰখণ্ডৰ পৰা আহি পৌৰ নিগমৰ পৰা পুতলা পিষ্টল দেখুৱাই ৩ লাখ ৩৫ হেজাৰ টকা লুট কৰা ৪ জনীয়া চক্ৰটোৰ অন্যতম সদস্য আছিল অমল গোৱালা।দলটোৰ আন ৩ সদস্য এতিয়াও পলাতক।শুকুৰবাৰে আৰক্ষীৰ গুলীত আহত ইৰানী গ্ৰুপৰ সদস্যটোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.