মণিপুৰত ভয়ংকৰ ভূমিস্খলন!

মণিপুৰত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলন সংঘটিত হৈছে মণিপুৰৰ ননি জিলাৰ টুপুল ৰে’ল ষ্টেচনৰ ওচৰত অৱস্থিত ভাৰতীয় সেনাৰ ১০৭ টেৰিটৰিয়েল আৰ্মীৰ কোম্পানীৰ চাউনিত। ভূমিস্খলনৰ ফলত এই পৰ্যন্ত ৬টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে ধংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে ১৩ জন লোকক । ইফালে ভূমিস্খলনৰ ফলত ৫৩ জনৰো অধিক লোক সন্ধানহীন হৈ আছে। আঘাতপ্ৰাপ্ত লোকসকলক সমীপৱৰ্তী ননি আৰ্মি মেডিকেল ইউনিটত ভৰ্তি কৰোৱা হৈছে।

স্থানীয় প্ৰশাসনে সাধাৰণ ৰাইজক সাৱধানতা অৱলম্বন কৰাৰ লগতে শিশুসকল যাতে নদীৰ ওচৰলৈ নাযায় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ পৰামৰ্শ দিছে। তদুপৰি, ভূমিস্খলনৰ ফলত একাধিক পথ অৱৰোধ হোৱা বাবে যাত্ৰীসকলক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পথেৰে ভ্ৰমণ পৰিহাৰ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.