মধ্য প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা!

মধ্য প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা!

নেচনেল ডেস্ক :

ধ্য প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা।শনিবাৰে পুৱাৰ ভাগত এখন বাছ ইন্দোৰৰ পৰা ছত্ৰপুৰলৈ যোৱাৰ পথতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাত ৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৫ গৰাকী লোক আহত হয় ।
দুৰ্ঘটনাটোৰ পিছতেই, আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত বাছ খনত থকা যাত্ৰীসকলক উদ্ধাৰ কৰে । দুৰ্ঘটনাটো কেনেকৈ ঘটিল, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

জানিব পৰা মতে, গোল্ডেন ট্ৰেভেলছ বাছখন ইন্দোৰৰ পৰা ছত্ৰপুৰলৈ গৈ থকাৰ সময়ত পুৱা প্ৰায় ৬ বজাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ।ঘটনাৰ পাছতেই অঞ্চলজুৰি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ।নৈশ বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত যাত্ৰী সকল গভীৰ টোপনীত আছিল বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.