পুনৰ মহাসমৰৰ দিশে ধাৱমান বিশ্ব!

ইন্টাৰনেচনেল ডেস্ক:

বিশ্বযুদ্ধৰ পুণৰাবৃত্তা ঘটোৱাৰ দিশে অগ্ৰসৰ ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ।লাহে লাহে বিশ্বৰ প্ৰায় সকলো দেশেই যেন পৰোক্ষভাবে হলেও এতিয়া জড়িত হৈ পৰিছে দুই ৰাষ্ট্ৰৰ যুদ্ধৰ সৈতে।ৰাছিয়া আৰু জাৰ্মানীৰ শত্ৰুতা নতুন নহয় বিশ্ববাসীৰ বাবে। ইয়াৰ পূৰ্বেও বিশ্বযুদ্ধৰ সময়ছোৱাত ৰাছিয়া জাৰ্মানীৰ শত্ৰুতাই সৃষ্টি কৰিছিল সন্ত্ৰাসৰ । তেতিয়াৰে পৰাই এক শীতল যুদ্ধ অব্যাহত দুয়োখন দেশৰ মাজত । এইবাৰ ইউক্ৰেইনলৈ সহায়ৰ হাত জাৰ্মানীৰ । জাৰ্মানীত নিৰ্মিত লিঅ’পাৰ্ড’ টেংক যুদ্ধৰ বাবে প্ৰেৰণ ইউক্ৰেইনলৈ ।উল্লেখ্য যে, ভ্লাদিমিৰ পুটিনে বাৰম্বাৰ সকিয়নী দিছিল ইউৰোপীয়ান আৰু বিশ্বৰ আন দেশ সমূহলৈ যে, আন কোনো দেশে যুদ্ধৰ সৈতে জড়িত হৈ পৰিলেই সাৰি নাযাব ৰাছিয়াৰ দৃষ্টিৰ পৰা ।ব্যৱহাৰ কৰা হ’ব পাৰমাণৱিক বোমা।যাৰ পৰিপ্ৰেক্ষিতত অতদিনে যুদ্ধৰ পৰা সুৰক্ষিত দূৰত্বত অৱস্থিতি গ্ৰহণ কৰিছিল নাটো বাহিনীয়ে ।কিন্তু জাৰ্মানীয়ে ইউক্ৰেইনলৈ টেংক প্ৰেৰণ কৰি সলনি কৰি দিলে সকলো অংক । এতিয়া যিকোনো মুহুৰ্ততেই সলনি হ’ব পাৰে প্ৰেক্ষাপট ।।

You might also like
Leave A Reply

Your email address will not be published.