মনীষ চিছ’দিয়াহীন দিল্লী বিধানসভাত বাজেট দাখিল

আপ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৪ দিনলৈ বৃদ্ধি

নিউজ ডেস্ক:

দিল্লীৰ আবকাৰী নীতিৰ গোচৰত কাৰাবন্দী আপ নেতা তথা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৪ দিনলৈ বৃদ্ধি কৰা হৈছে।আবকাৰী নীতিৰ গোচৰৰ বিষয়তোত ED ৰ জেৰা সমাপ্ত হোৱাৰ লগে লগে ৫ এপ্ৰিললৈকে বিশেষ ন্যায়াধীশ এম কে নাগপালে ছিছ’দিয়াক কাৰাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।
আনহাতে আজি দিল্লীৰ সদ্যনিযুক্ত বিত্তমন্ত্ৰী কৈলাশ গেহলটে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে দিল্লী বিধানসভাত ৭৮,৮০০ কোটি টকাৰ বাজেট দাখিল কৰে ।চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ পূর্বে স্বচ্ছ, সুন্দৰ আৰু আধুনিক দিল্লীৰ বাবে বাজেট উচৰ্গা কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ‘মোৰ ভাতৃপ্ৰতীম মনীষ চিছ’দিয়াই এই বাজেট দাখিল কৰিলে মই অধিক সুখী হ’লোহেঁতেন। বাজেটখন ৰাইজৰ আশা আৰু আকাংক্ষাৰ প্ৰকাশ।’- বাজেট ভাষণত এই মন্তব্য কৰে দিল্লীৰ বিত্তমন্ত্ৰী গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.