আজি ২৩ মাৰ্চ

▶️আজি পাকিস্তানৰ জাতীয় দিৱস।
▶️আজি বিশ্ব বতৰ বিজ্ঞান দিৱস।
▶️১৭৫৭ চনৰ আজিৰ দিনটোতেই ৰবাৰ্ট ক্লাইভৰ নেতৃত্বত বৃটিছ বাহিনীৰ ফৰাচীৰ হাতৰ পৰা চন্দন নগৰ দখল।
▶️১৮৩৬ চনৰ এই দিনটোতেই অসমলৈ ছপাশালৰ আগমন। এই দিনটোতেই নাথান ব্ৰাউন আৰু অলিভাৰ কট্টৰ এটা ছপাশালসহ অসমত উপস্থিত হৈছিল।
▶️১৮৯৮ চনৰ এই দিনটোতেই কবি নলিনীবালা দেৱীৰ জন্ম হৈছিল।
▶️১৯১০ চনৰ আজিৰ দিনটোতেই উত্তৰ প্ৰদেশৰ আকবৰপুৰত সমাজবাদী নেতা ৰাম মনোহৰ লোহিয়াৰ জন্ম হৈছিল।
▶️১৯২৪ চনৰ এই দিনটোতেই সাহিত্যিক বীৰেন বৰকটকীৰ জন্ম হৈছিল।
▶️১৯৩১ চনৰ এই দিনটোতেই এজন বৃটিছ কনিষ্টবলক হত্যাৰ অপৰাধত দুই সহযোগী সুখদেৱ আৰু শিৱৰাম সহ ভগৎ সিঙৰ ফাঁচি।
▶️১৯৪০ চনৰ এই দিনটোতেই মুছলিম লীগৰ পাকিস্তান গঠনৰ প্ৰস্তাৱ গ্ৰহণ।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই গল্পকাৰ, ঔপন্যাসিক প্ৰবীণা শইকীয়াৰ মৃত্যু হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই স্বাধীনতা সংগ্ৰামী পুষ্পলতা দাসক ‘পদ্মভূষণ’ সন্মান প্ৰদান।
▶️২০০০ চনৰ এই দিনটোতেই অসমৰ শৰীৰ-চৰ্চাবিদ বিজিৎ গগৈৰ ‘ভাৰতশ্ৰী’ সন্মান লাভ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ১৫ বছৰ সফলতাৰে কাৰ্য সমাধা কৰাৰ পাছত ৰাছিয়াৰ মহাকাশ ষ্টেচন ‘মিৰ’ক ধ্বংস।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই বিশ্বকাপ ক্ৰিকেটত ভাৰতক পৰাস্ত কৰি অষ্ট্ৰেলিয়াৰ খিতাপ দখল। শচীন তেণ্ডুলকাৰক ‘মেন অৱ দ্য টুৰ্ণামেণ্ট’ সন্মান।।

You might also like
Leave A Reply

Your email address will not be published.