মনীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মা ১০ দিনৰ বাবে বৃদ্ধিৰ নিৰ্দেশ বাহাল

নেচনেল ডেস্ক:

শুকুৰবাৰে সুৰা কেলেংকাৰীৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ ন্যায়িক জিম্মা ১০ দিনৰ বাবে বৃদ্ধিৰ নিৰ্দেশ বাহাল ৰাখিছে দিল্লীৰ এখন আদালতে। কথিত আৰ্থিক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগত ছিছ’দিয়াৰ ভূমিকা সম্পৰ্কে তদন্ত কৰি থকা ইডিয়ে দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীক। প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীক জেৰাৰ বাবে ১০ দিনৰ বাবে বিচৰাৰ পিছতে আদালতে এই আবেদনৰ শুনানি গ্ৰহণ কৰিছিল।

আনহাতে, মনীষ ছিছ’দিয়াৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা দয়ান কৃষ্ণনে তেওঁৰ ক্লায়েণ্টক গ্ৰেপ্তাৰ কৰাটো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰি চিছ’দিয়াৰ ১০ দিনৰ জিম্মা বিচৰা ইডিৰ আবেদনৰ বিৰোধিতা কৰে। আদালতে গ্ৰেপ্তাৰৰ সময়ক আওকাণ কৰি এজন লোকক অবিৰত আটক কৰি ৰাখিব নোৱাৰে বুলি মন্তব্য দিয়ে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.