মহানগৰীত আকৌ নৃশংস হত্যাকাণ্ড!

পুনৰ এক নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল গুৱাহাটী মহানগৰীক। কালাপাহাৰত ৬০ বছৰীয়া মহিলাক হাত-ভৰি বান্ধি নৃশংস ভাবে হত্যা কৰি ডকাইতে লুটি নিলে ধন-সোন।মৃত দুৰ্ভগীয়া মহিলা গৰাকী কালাপাহাৰৰ গোপীনাথ নগৰস্থিত ‘তাৰাহীৰা কমপ্লেক্স’ৰ স্বত্বাধিকাৰী অনু হাজৰিকা।কেবাবছৰ পূৰ্বে স্বামীৰ মৃত্যু ঘটা মহিলাগৰাকীৰ একমাত্ৰ পুত্ৰৰো কিছু বছৰৰ আগেয়ে দুৰ্ঘটনাত মৃত্যু ঘটিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মহিলাগৰাকীৰ ব্যক্তিগত গাড়ীচালক আৰু গাড়ীচালক জনৰ বন্ধু এজনক সোধপোচৰ বাবে আটক কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.