মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা। এতিয়া ইটোৰ পিছত সিটো অপৰাধৰ ঘটনাই কঁপাইছে মহানগৰীৰৰ লগতে সমগ্ৰ ৰাজ্যত। এইবাৰ বেলতলা চাৰ্ভেৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী ১৬ বছৰীয়া কিশোৰী।দেওবাৰে বিয়লি বেলতলা চাৰ্ভেস্থিত ভাড়াঘৰৰ পৰা ওলাই যোৱা কিশোৰী গৰাকী বৰ্তমানেও নিৰুদ্দিষ্ট হৈ আছে ।
কিশোৰী নিৰুদ্দিষ্টৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰী বেলতলাত। ইতিমধ্যে নিৰুদ্দিষ্ট কিশোৰী গৰাকীৰ নাম নেহা কুমাৰী বুলি জানিব পৰা গৈছে । দেওবাৰে বিয়লিৰ পৰাই কিশোৰী গৰাকী নিৰুদ্দেশ হৈ আছিল। মহানগৰীত প্ৰায়ে এনে ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হয়। কিশোৰী গৰাকী ক’ত গ’ল সেয়া ৰহস্যৰ আবৰ্তত । কিশোৰী গৰাকী নিৰুদ্দেশ হোৱা ঘটনাই এতিয়া পৰিয়ালৰ মাজত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত কিশোৰী গৰাকীৰ পৰিয়ালে দিছপুৰ আৰক্ষীৰ কাষ চাপিছে যদিও এতিয়ালৈকে একো সংসূত্ৰ পোৱা নাই। কিশোৰী নিৰুদ্দিষ্টৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীবাসীক।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like