আৰক্ষীৰ জালত ইউটিউবাৰ এলভিছ যাদৱ

ৰেভ পাৰ্টীত সাপৰ বিষ যোগান ধৰি আৰক্ষীৰ জালত পৰিল জনপ্ৰিয় ইউটিউবাৰ তথা বিগ বছ অ’টিট বিজয়ী এলভিছ যাদৱ। আৰক্ষী সূত্ৰৰ দ্বাৰা লাভ কৰা তথ্য অনুসৰি, এলভিছ যাদৱে তেওঁৰ দ্বাৰা আয়োজিত ৰেভ পাৰ্টিবোৰত সাপ আৰু সাপৰ বিষৰ ব্যৱস্থা কৰাৰ কথা স্বীকাৰ কৰিছে।

কালি সাপৰ বিষৰ গোচৰত গ্ৰেপ্তাৰ হোৱা এলভিছ যাদৱে আৰক্ষীৰ জেৰাৰ সময়ত স্বীকাৰ কৰিছিল যে বিগত বৰ্ষত সাপৰ বিষ যোগান ধৰাৰ বাবে গ্ৰেপ্তাৰ কৰা আন অভিযুক্তসকলৰ সৈতে তেওঁৰ চিনাকি আছিল।
বিশেষ সূত্ৰৰ দ্বাৰা লাভ কৰা তথ্য অনুসৰি ইউটিউবাৰ এলভি যাৱতে পূৰ্বৰ জেৰাত সাপৰ বিষৰ যোগানৰ সৈতে জড়িত থকাৰ কথা অস্বীকাৰ কৰিছিল। তেওঁ কৈছিল যে, তেওঁ অভিযুক্তজনক বিভিন্ন ৰেভ পাৰ্টিত লগ পাইছিল আৰু তাতেই চিনাকী হৈছিল।

উল্লেখ্য যে, জনপ্ৰিয় ইউটিউবাৰগৰাকীক দেওবাৰে গ্ৰেপ্তাৰ কৰি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
পূৰ্বৰে বন্যপ্ৰাণী আইনৰ অধীনত গোচৰৰ সন্মুখীন হৈ থকা এলভিছ যাদৱে এতিয়া নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স এক্টৰ অধীনত অভিযোগৰ সন্মুখীন হৈছে৷ বিশেষ সূত্ৰই সদৰি কৰা অনুসৰি ইউটিবাৰগৰাকীৰ বিৰুদ্ধে কেইবাটাও জামিনবিহীন গোচৰ আৰোপ কৰা হৈছে।

সূত্ৰৰ দ্বাৰা লাভ কৰা তথ্য অনুসৰি, এলভিছ যাদৱৰ বিৰুদ্ধে তেওঁৰ ভিডিঅ’ শ্বুটত সাপ ব্যৱহাৰ কৰাৰো অভিযোগ আছে। তেওঁ আগতে আৰক্ষীক কৈছিল যে তেওঁৰ ভিডিঅ’ত দেখা সাপবোৰ বলীউডৰ গায়ক ফজিলপুৰিয়াই যোগান ধৰিছিল।

আৰক্ষীয়ে এই গোচৰটোৰ আধাৰত পূৰ্বতে নয়ডাৰ এটা বেঙ্কুৱেট হলত অভিযান চলাই পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ চাৰিজন সৰ্পৰ আকৰ্ষণকাৰী আছিল। ইয়াৰ উপৰিও, দলটোৰ পৰা নটা সাপ আৰু সাপৰ বিষ জব্দ কৰা হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.