নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত আজি পুনৰ উচ্চতম ন্যায়ালয়ত শুনানি

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে উচ্চতম ন্যায়ালয়ত জনোৱা আৱেদনৰ আজি শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৩ জনীয়া বিচাৰপীঠে আজি বিভিন্ন দল-সংগঠনৰ দ্বাৰা কৰা ২৩৭খন আৱেদনৰ শুনানি গ্ৰহণ কৰিব। শুনানি গ্ৰহণ কৰিবলগীয়া ৩জনীয়া বিচাৰপীঠত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক সংগ দিব ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰই।
আবেদনকাৰীসকলৰ ভিতৰত আছে ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আই ইউ এম এল) আৰু ভাৰতীয় ডেম’ক্ৰেটিক ইউথ ফেডাৰেচন (ডি ৱাই এফ আই)। উল্লেখ্য যে, কেন্দ্ৰই CAA ৰ নিয়ম অৱগত কৰাৰ পিছদিনা দুয়োটা সংগঠনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল, আইনখনৰ অধিনিয়মত স্থগিতাদেশ বিচাৰিছিল। উক্ত দল দুটিয়ে CAAক মুছলমান সম্প্ৰদায়ৰ বিৰুদ্ধে “বৈষম্যমূলক” বুলি অভিহিত কৰিছিল।
ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইনৰ অধিনিয়মত স্থগিতাদেশ বিচাৰি ন্যায়ালয়ত আবেদন কৰিছিল অসম সন্মিলিত মহাসংঘ, নেছ’, আছু, এ জে ৱাই চি পি, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ, তৃণমূল নেতা মহুৱা মইত্ৰ আৰু এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছীৰ লগতে অসম তথা উত্তৰ-পূৱৰ কেইবাটাও দল-সংগঠনে।

You might also like
Leave A Reply

Your email address will not be published.