MIৰ অধিনায়কত্ব সন্দৰ্ভত মৌনতা ভংগ হাৰ্ডিক পাণ্ডিয়াৰ

“ৰোহিত শৰ্মাৰ হাত সদায় মোৰ কান্ধত থাকিব”—হাৰ্ডিক পাণ্ডিয়া

ৱশেষত মুম্বাই ইণ্ডিয়ানছ দলৰ অধিনায়কত্ব সন্দৰ্ভত মুখ খুলিলে দলটোৰ নতুন অধিনায়ক হাৰ্ডিক পাণ্ডিয়াই। সোমবাৰে মুম্বাই ইণ্ডিয়ানছৰ উদ্যোগত আয়োজন কৰা এক সংবাদমেলত হাৰ্ডিক পাণ্ডিয়াই কয় যে, মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব সলনি হোৱাক লৈ দলটোৰ পূৰ্বৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তেওঁৰ মাজত কোনোধৰণৰ মনোমালিন্য নাই। তেওঁলোকৰ সম্পৰ্ক এতিয়াও পূৰ্বৰ দৰেই আছে।

ৰোহিত আৰু তেওঁৰ সম্পৰ্ক সন্দৰ্ভত তেওঁ লগতে কয় যে, ৰোহিত শৰ্মা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক। তেওঁৰ অভিজ্ঞতাই হাৰ্ডিকক নিশ্চয়কৈ সহায় কৰিব। তেওঁ লগতে কয় যে, মুম্বাই ইণ্ডিয়ানছ দলটোৱে যিখিনি অৰ্জন কৰিছে, সেয়া ৰোহিত শৰ্মাৰ নেতৃত্বতে লাভ কৰিছে। তেওঁ ৰোহিত শৰ্মাৰ এই ধাৰা বজাই ৰাখিবলৈ চেষ্টা কৰিব।
ইয়াৰ উপৰি পাণ্ডিয়াই কয় যে, তেওঁ ৰোহিত শৰ্মাৰ অধীনতে আই পি এলৰ গোটেই কেৰিয়াৰ খেলিছে আৰু তেওঁ দৃঢ় বিশ্বাসী যে ৰোহিত শৰ্মাৰ হাত সদায় তেওঁৰ কান্ধত থাকিব।
উক্ত সংবাদমেলত হাৰ্ডিক পাণ্ডিয়াই এই ছিজনত মুম্বাই ইণ্ডিয়ানছৰ হৈ বেটিং কৰাৰ লগতে বলিং কৰিব বুলিও জনায়। ইয়াৰ পূৰ্বে আঘাতৰ বাবে তেওঁ কেৱল বেটিং কৰিব বুলি জনাইছিল।
অধিনায়কত্বৰ পৰিৱৰ্তনে অনুৰাগীৰ আৱেগত নেতিবাচক প্ৰভাৱ পেলোৱা সন্দৰ্ভত প্ৰশ্ন কৰাত হাৰ্দিকে কয় যে, তেওঁ কেৱল নিয়ন্ত্ৰণ কৰিব পৰা কথাবোৰৰ বিষয়েহে চিন্তা কৰি ভাল পায়।

You might also like
Leave A Reply

Your email address will not be published.