বিহাৰত NDA  মিত্ৰজোঁটৰ প্ৰাৰ্থী ঘোষণাৰ পিছতে অথন্তৰ!

পশুপতি কুমাৰ পাৰসৰ কেবিনেটৰ পৰা পদত্যাগ

ৰাষ্ট্ৰীয় লোক জনশক্তি দলৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী পশুপতি কুমাৰ পাৰসৰ কেবিনেটৰ পৰা পদত্যাগ। বিহাৰত বিজেপিয়ে লোকসভা নিৰ্বাচনৰ আসন সন্দৰ্ভত মিত্ৰ দলসমূহৰ লগত চুক্তি সম্পন্ন কৰাৰ পিছতে মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে।

পদত্যাগ পত্ৰ দাখিল কৰি পশুপতি পাৰসে কয় যে, কালি বিজেপিয়ে বিহাৰৰ ৪০খন লোকসভা আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। য’ত ৰাষ্ট্ৰীয় লোক জনশক্তি দলে মাত্ৰ ৫খন আসনত প্ৰতিদ্বন্দিতা কৰাৰ সুযোগ পাইছে। তেওঁ যঠেষ্ট নিষ্ঠাৰে NDA মিত্ৰজোঁটৰ উন্নতিৰ বাবে কাম কৰিছিল। এয়া তেওঁলোকৰ দলৰ প্ৰতি অন্যায় হৈছে। সেয়েহে তেওঁ পদত্যাগ কৰিছে।

উল্লেখ্য যে, পশুপতি পাৰসৰ ভতিজা চিৰাগ পাছৱানক এন ডি এয়ে ৫খন লোকসভাৰ আসন আবণ্টন দিয়াৰ পিছতে পশুপতি পাৰসে পদত্যাগৰ বিষয়ে ঘোষণা কৰে।

বিজেপিয়ে ১৭টা সমষ্টি,  আইডি(ইউ) ১৬টা আৰু চিৰাগ পাছৱানৰ এলজেপি (ৰাম বিলাস) ৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বতৰাৰ সূত্ৰ চূড়ান্ত কৰে।

You might also like
Leave A Reply

Your email address will not be published.