মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ২৫ গৰাকীকৈ লোক

নেচনেল ডেস্ক:

হাৰাষ্ট্ৰৰ পালঘৰ জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ২৫ গৰাকীকৈ লোক ।

জানিব পৰা মতে, বাছখনত ৬৫ গৰাকী যাত্ৰী আছিল। বাছখন মহাৰাষ্ট্ৰৰ পালঘৰৰ পৰা ৱাডা অঞ্চললৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো । জানিব পৰা মতে, ট্ৰাক চালকজনে হঠাতে ব্ৰেক মৰাৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো । ফলত বাছ চালক আৰু কণ্ডাক্টৰকে ধৰি ২৫ গৰাকীকৈ লোক আহত হয়। স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে আহত লোকসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.