আজি ৩ মে’

▶️আজি বিশ্ব এজমা দিৱস।
▶️আজি সংবাদপত্ৰৰ স্বাধীনতা দিৱস।
▶️১৪৬৯ চনৰ আজিৰ দিনটোতেই ইটালীৰ ৰাজনীতিবিদ, কূটনীতিজ্ঞ নিকোলা মেকিয়াভেলিৰ জন্ম হৈছিল।
▶️১৪৯৪ চনৰ আজিৰ দিনটোতেই কলম্বাছৰ জামাইকা আৱিষ্কাৰ।কলম্বাছে ইয়াৰ নাম দিছিল ‘ছেন্ট লাগো’।
▶️১৭৬৪ চনৰ এই দিনটোতেই বংগৰ গাদীচ্যুত নৱাব মীৰকাছিমৰ পাটনা আক্ৰমণ। ইংৰাজৰ হাতত পৰাজিত।
▶️১৭৬৫ চনৰ আজিৰ দিনটোতেই ৰবাৰ্ট ক্লাইভৰ দ্বিতীয়বাৰৰ বাবে ভাৰতলৈ আগমন আৰু বংগৰ গৱৰ্ণৰ পদত অধিষ্ঠিত। ইয়াৰ পূৰ্বে ১৭৬০ চনৰ ২৫ ফেব্ৰুৱাৰীত তেওঁ ভাৰত ত্যাগ কৰিছিল।
▶️১৮০২ চনৰ এই দিনটোতেই আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি চিক মহানগৰৰ স্বীকৃতি।
▶️১৯১৩ চনৰ আজিৰ দিনটোতেই প্ৰথম ভাৰতীয় চলচ্চিত্ৰ (নিৰ্বাক) ‘ৰজা হৰিশ্চন্দ্ৰ’ৰ মুম্বাইত মুক্তিলাভ। ছবিখনৰ নিৰ্মাতা আছিল দাদা চাহেব ফাল্কে।
▶️১৯৩৪ চনৰ আজিৰ দিনটোতেই দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ মৃত্যু হৈছিল।
▶️১৯৩৯ চনৰ আজিৰ দিনটোতেই কংগ্ৰেছৰ সৈতে মতানৈক্য হোৱাত সুভাষ চন্দ্ৰ বসুৰ কংগ্ৰেছ ত্যাগ আৰু ফৰৱাৰ্ড ব্লক গঠন।
▶️১৯৬৫ চনৰ আজিৰ দিনটোতেই অসমত ব্ৰডগজ ৰে’ল সেৱা আৰম্ভ।
▶️১৯৬৯ চনৰ আজিৰ দিনটোতেই ভাৰতৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ নতুন দিল্লীত মৃত্যু।
▶️২০০২ চনৰ এই দিনটোতেই সাংবাদিক কীৰ্তিনাথ হাজৰিকাৰ দেহাৱসান।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই সাহিত্যিক মেদিনী চৌধুৰীৰ মৃত্যু।
▶️২০০৬ চনৰ এই দিনটোতেই বিজেপি নেতা প্ৰমোদ মহাজনৰ মৃত্যু।।

You might also like
Leave A Reply

Your email address will not be published.