মহাৰাষ্ট্ৰৰ হস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড

আজি মহাৰাষ্ট্ৰৰ আহমেদনগৰ অসামৰিক চিকিৎসালয়ৰ আই চি ইউত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।অগ্নিকাণ্ডৰ ফলত কমেও দহজন ৰোগীৰ মৃত্যু হয় আৰু আন কেইবাজনো আহত হয়। ইতিমধ্যে জুই নিয়ন্ত্ৰণ আৰু ৰোগীসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। কাষৰীয়া ৱাৰ্ডবোৰলৈ বিয়পি পৰা জুইৰ সৈতে যুঁজিবলৈ চাৰিখন অগ্নিনিৰ্বাপক গাড়ী ততাতৈয়াকৈ প্ৰেৰণ কৰা হৈছে বুলি কতৃপক্ষই জনায়।

ইফালে প্ৰত্যক্ষদৰ্শীৰ মতে, আই চি ইউত কমেও ২০ জন ৰোগী চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসাধীন ৰোগীৰ বহু আত্মীয় খা-খৱৰ লোৱাৰ উদ্দেশ্যে চিকিৎসালয়লত উপস্থিত আছিল।।

You might also like
Leave A Reply

Your email address will not be published.