মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভয়ংকৰ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত ১৩ গৰাকী লোক নিহত

নেচনেল ডেস্ক:

হাৰাষ্ট্ৰৰ ৰায়গড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত ১৩ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত ২৫ গৰাকী লোক। আহত সকলক নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে, পুনেৰ পিম্পল গুৰাৱৰ পৰা গোৰেগাঁৱলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।পুনে-ৰাইগাড সীমান্তত পুৱা প্ৰায় ৪:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। বাছখনত ৪৫ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.