মাতৃভাষাত কাৰিকৰি শিক্ষা

নেচনেল ডেস্ক, এন ই ভাৰত

শিক্ষা নিয়ন্ত্ৰক ,অখিল ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদে (AICTE)২০২১-২২ শৈক্ষিক বৰ্ষত কাৰিকৰী মহাবিদ্যালয় সমূহত হিন্দীৰ সৈতে আন ৮ ভাৰতীয় ভাষাৰে কাৰিকৰী শিক্ষা প্ৰদানৰ অনুমতি প্ৰদান কৰে । হিন্দীৰ উপৰিও বঙালী, তেলেগু, তামিল ,গুজৰাটী, কানাডা আৰু মালায়ালাম ভাষাতো ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব পাৰিব কাৰিকৰী শিক্ষা । কেন্দ্ৰীয় চৰকাৰৰ মাতৃভাষাত কাৰিকৰী শিক্ষা প্ৰদানৰ সিদ্ধান্ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অন্তৰ্গত । উল্লেখ্য যে ২০২০ চনৰ নৱেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে কাৰিকৰী শিক্ষা মাতৃভাষাত প্ৰদান কৰাৰ প্ৰস্তাৱক অনুমতি দিছিল । এই পদক্ষেপে গাওঁ তথা জনজাতীয় অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত বিশেষ সুবিধা হ’ব। ভবিষ্যতে ১১ টা আন ভাৰতীয় ভাষাত UG ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমত শিক্ষাৰ মাধ্যম হিচাপে কৰা হব অনুমতি প্ৰদান ।

২০২১-২২ শিক্ষা বৰ্ষত দেশৰ উচ্চ স্তৰৰ ইঞ্জিনিয়াৰিং স্কুল IIT আৰু NITS য়ে প্ৰথমে মাতৃভাষাত কাৰিকৰী শিক্ষা প্ৰদান কৰাৰ সম্ভাৱনা আছে । উল্লেখেযোগ্য যে , পৃথিৱীৰ আগশাৰীৰ দেশ জাৰ্মানী , ফ্ৰান্স, ৰাছিয়া, জাপান, চীন আদি দেশত নিজৰ ৰাষ্ট্ৰীয় ভাষাৰ জৰিয়তে প্ৰদান কৰে শিক্ষাদান ।।

You might also like
Leave A Reply

Your email address will not be published.