মিজোৰামৰ পশ্চিম ফাইলেং চহৰত ভয়ংকৰ পথ দুৰ্ঘটনা!

দুৰ্ঘটনাত ৫ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত আন ৬ গৰাকী লোক

নৰ্থ-ইষ্ট ডেস্ক:

মিজোৰামৰ মমিত জিলাৰ পশ্চিম ফাইলেং চহৰত ভয়ংকৰ পথ দুৰ্ঘটনা।শুকুৰবাৰে মিজোৰামৰ ৰাজীৱ নগৰৰ পৰা মাৰপাৰা অভিমুখী এখন পিকআপ বাহন আৰু এখন ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ৫ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন ৬ গৰাকী লোক।

আৰক্ষীৰ তথ্য অনুসৰি, তিনিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজনৰ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু ঘটে। গুৰুতৰভাৱে আহত লোক সকলক আইজলৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.