আজি ২২ এপ্ৰিল

▶️আজি ধৰিত্ৰী দিৱস।
▶️১৩৭০ চনৰ আজিৰ দিনটোতেই পেৰিছত প্ৰসিদ্ধ বাস্তিল দূৰ্গৰ নিৰ্মাণ আৰম্ভ হৈছিল।
▶️১৬৬২ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ প্ৰসিদ্ধ ৰয়েল ছচাইটি প্ৰতিষ্ঠা।
▶️১৭২৪ চনৰ এই দিনটোতেই জাৰ্মান দাৰ্শনিক ইমানুৱেল কান্টৰ জন্ম হৈছিল।
▶️১৮৭০ চনৰ আজিৰ দিনটোতেই ৰুছ বিপ্লৱৰ প্ৰধান হোতা তথা ছোভিয়েট যুক্তৰাষ্ট্ৰৰ জন্মদাতা লেনিনৰ (সম্পূৰ্ণ নাম ভ্লাডিমিৰ ইলিছ উলিয়ানভ লেনিন) জন্ম হৈছিল।
▶️১৯০৪ চনৰ আজিৰ দিনটোতেই পাৰমাণৱিক বোমাৰ জনক, মাৰ্কিন পদাৰ্থবিজ্ঞানী ৰবাৰ্ট অ’পেনহেইমাৰৰ জন্ম হৈছিল।
▶️১৯০৬ চনৰ এই দিনটোতেই আধুনিক অলিম্পিকৰ ১০ বছৰ পূৰ্তি উপলক্ষে এথেন্সত বিশেষ অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই অলিম্পিক ২ মে’লৈ চলিছিল। আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে অৱশ্যে এই অলিম্পিকক স্বীকৃতি নিদিলে।
▶️১৯১৫ চনৰ আজিৰ দিনটোতেই সাহিত্যিক-ৰাজনীতিবিদ হেম বৰুৱাৰ জন্ম হৈছিল।
▶️১৯১৬ চনৰ আজিৰ দিনটোতেই কুৰি শতিকাৰ বিৰল প্ৰতিভাধৰ সংগীতজ্ঞ আৰু অবিসম্বাদী বেহেলাবাদক ইহুদী মেনুহিনৰ জন্ম হৈছিল।
▶️১৯৫৮ চনৰ এই দিনটোতেই ভাৰতীয় নৌ-বাহিনীৰ প্ৰধান হিচাপে এডমিৰেল আৰ ডি কাটাৰীৰ কাৰ্যভাৰ গ্ৰহণ। এই পদত অধিষ্ঠিত হোৱা তেঁৱেই প্ৰথম ভাৰতীয়।
▶️১৯৭০ চনৰ আজিৰ দিনটোতেই প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক ধৰিত্ৰী দিৱস পালন। তেতিয়াৰে পৰা এই দিনটো ধৰিত্ৰী দিৱস ৰূপে পালন কৰা হৈ আহিছে।
▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই ছাইমন পেৰেৰা ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।
▶️১৯৯৬ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যু ঘটিছিল। ডাঃ ভূমিধৰ বৰ্মনৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী ৰূপে দায়িত্ব গ্ৰহণ। সেই বছৰৰে ১৪ মে’লৈকে তেঁও মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই নতুন বানিজ্যিক সম্পৰ্ক স্থাপনৰ বাবে এছিয়া আৰু আফ্ৰিকাৰ দেশবোৰৰ মাজত এফ্ৰো-এছিয়ান শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.