মিজোৰামৰ ম্যানমাৰ সীমান্তত চাঞ্চল্য!

অসম ৰাইফলছৰ বৃহৎ সফলতা। দক্ষিণ মিজোৰামৰ চিয়াহ জিলাৰ খাইখী গাঁৱত ৪.২০ লাখ টকাৰ ম্যানমাৰ মুদ্ৰা (কিয়াত) নোট উদ্ধাৰ। জানিব পৰা মতে, নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি অসম ৰাইফলছৰ জোৱানসকলে বুধবাৰে ম্যানমাৰ সীমান্তৰ ওচৰৰ দক্ষিণ মিজোৰামৰ চিয়াহ জিলাৰ খাইখী গাঁৱত উদ্ধাৰ কৰে ৪.২০ লাখ (ম্যানমাৰৰ ১,০০০০০০০ কিয়াত) টকাৰ নোট। ঘটনা সন্দৰ্ভত এজন লোকক আটক কৰা হৈছে। অভিযুক্তক পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে ৰাজ্যিক আবকাৰী আৰু নিচাজাতীয় সামগ্ৰী বিভাগক হস্তান্তৰ কৰা হৈছে। উল্লেখ্য যে, বৈদেশিক মুদ্ৰাৰ চলিত চোৰাং ব্যৱসায় মিজোৰাম ৰাজ্যৰ বাবে, বিশেষকৈ ভাৰত-ম্যানমাৰ সীমান্তৰ বাবে হৈ পৰিছে চিন্তাৰ এক মুখ্য কাৰণ।

You might also like
Leave A Reply

Your email address will not be published.