মৃত্যু জিনি ফাইনেলত দৰ্শক হ’ব ডেনিচ তাৰকা এৰিকছেন

স্পৰ্টছ ডেস্ক, এন ই ভাৰত-

মৃত্যুৰ মুখৰ পৰা উভতি আহিল ডেনমাৰ্কৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ান এৰিকছেন। চলিত ইউৰো কাপৰ আৰম্ভনিতে ফিনলেণ্ডৰ বিৰুদ্ধে ‘গ্ৰুপ-বি’ৰ এখন খেলৰ প্ৰথমাৰ্ধত খেলপথাৰতে মূৰ্চ্ছা যোৱা ডেনমাৰ্কৰ তাৰকা ফুটবলাৰ গৰাকীৰ জীৱনক লৈ দুঃচিন্তাত স্তব্ধ হৈ পৰিছিল সমগ্ৰ ফুটবল বিশ্ব। চি পি আৰৰ সহযোগত খেলপথাৰতে প্ৰাৰম্ভিক চিকিৎসা প্ৰদানৰ পাছত হস্পাটালত ভৰ্তি কৰোৱা হৈছিল এৰিকছেনক।অবশেষত চিকিৎসকৰ দলৰ অবিৰত প্ৰচেষ্টাত জীৱন ৰক্ষা পৰাই নহয়,সুস্থ হৈ ঘৰলৈও উভতিবলৈ সক্ষম হ’ল তাৰকা ফুটবলাৰ গৰাকী।
ইউৰো কাপৰ আৰম্ভণিতে এনে বিপৰ্যয়ৰ মাজতো অবশেষত ফাইনেলত প্ৰৱেশ কৰিলে এৰিকছেনৰ দল ডেনমাৰ্ক।অহা দেওবাৰে ইউৰো কাপৰ চূড়ান্ত ৰণত ইটালীৰ সৈতে মুখামুখি হ’ব দলটো।ইতিমধ্যে সুস্থ হৈ ঘৰলৈ ওভতা এৰিকছেনৰ লগতে তেওঁৰ জীৱন ৰক্ষা কৰা ৬ চিকিৎসকক ফাইনেল উপভোগৰ বাবে আমন্ত্ৰণ জনাইছে ইউৰো কাপৰ আয়োজক UEFAই। দেওবাৰে খেলপথাৰত নহলেও ইউৰো কাপৰ ফাইনেলত দৰ্শকৰ গেলেৰীত দেখা যাব পত্নীসহ এৰিকছেনক।লগত থাকিব প্ৰিয় ফুটবলাৰ গৰাকীৰ প্ৰাণৰক্ষাকাৰী ৬ চিকিৎসকক।
UEFAৰ আমন্ত্ৰণ লাভ কৰি উৎফুল্লিত হৈ পৰা এৰিকছেনৰ চিকিৎসকৰ দলটোৰ অন্যতম ডাঃ পেডেৰ এছগাৰ্ডে নিজৰ অনুভৱ ব্যক্ত কৰি কৈছে,”এৰিকছেনৰ জীৱন ৰক্ষাৰ দুঃসাধ্য সাধনৰ পাছত তেওঁৰ সৈতে ইউৰো কাপৰ ফাইনেলত ইটালী-ডেনমাৰ্কৰ খেল উপভোগ কৰাৰ উৎকন্ঠা বৰদিনৰ প্ৰাকমূহুৰ্তত চিৰাচৰিত শিশুসুলভ আনন্দৰ দৰেই অনুভৱ হৈছে”।

You might also like
Leave A Reply

Your email address will not be published.