মৃত্যু তিথিত গণশিল্পীক স্মৰণ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

আজি ৭ বছৰ পূৰ্ণ হ’ল গণশিল্পী খগেন মহন্ত নোহোৱা হোৱাৰ। ২০১৪ চনৰ আজিৰ দিনটোতেই মহাপ্ৰয়াণ ঘটিছিল গণশিল্পী গৰাকীৰ। মৃত্যু তিথিত ৰাজ্যবাসীয়ে আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছে প্ৰিয় শিল্পী গৰাকীক।

মহানগৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ খগেন মহন্ত উদ্যানত আজি অনুষ্ঠিত কৰা স্মৃতি দিৱসৰ অনুষ্টুপীয়া আয়োজনত ভাগ লৈ প্ৰয়াত গণশিল্পী গৰাকীৰ পুত্ৰ কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই কয়,’অসম আৰু অসমীয়াৰ অন্তৰত চিৰদিন অমৰ হৈ ৰ’ব মোৰ দেউতা’।

সপ্তম মৃত্যুবাৰ্ষিকীত প্ৰয়াত মাটিৰ শিল্পীগৰাকীৰ প্ৰতি এন ই ভাৰত পৰিয়ালেও যাঁচিছো সশ্ৰদ্ধ প্ৰণিপাত। ।

You might also like
Leave A Reply

Your email address will not be published.