মেজৰ ধ্যানচান্দ খেলৰত্ন আৰু অৰ্জুন বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত মল্লযুঁজাৰু বিনেশ ফ’গাটৰ

ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উদ্দেশ্যি লিখা এখন পত্ৰযোগে ঘোষণা কৰে নিজৰ সিদ্ধান্তৰ কথা

নেচনেল ডেস্ক:

লিম্পিক মেডেলিষ্ট বজৰং পুনিয়াৰ পিছত ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি মল্লযুঁজাৰু বিনেশ ফ’গাটে মেজৰ ধ্যানচান্দ খেলৰত্ন আৰু অৰ্জুন বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে। কমনৱেলথ গেমছৰ পদক বিজয়ীগৰাকীয়ে ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উদ্দেশ্যি লিখা এখন পত্ৰযোগে ঘোষণা কৰে নিজৰ সিদ্ধান্তৰ কথা। ইয়াৰ পূৰ্বে পুনিয়াই একে প্ৰতিবাদত নিজৰ পদ্মশ্ৰী বঁটা প্ৰধানমন্ত্ৰী মোডীক ঘূৰাই দিছিল।

মই মোৰ মেজৰ ধ্যানচন্দ খেলৰত্ন আৰু অৰ্জুন বঁটা ঘূৰাই দিছো

উল্লেখ্য যে, মল্লযুঁজাৰুসকলে ডব্লিউ এফ আইৰ প্ৰাক্তন সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ কোনো ঘনিষ্ঠ সহযোগীয়ে ডব্লিউ এফ আই প্ৰশাসনত প্ৰৱেশ নকৰিবলৈ দাবী জনাইছিল।

ভাৰতীয় মল্লযুঁজাৰুসকলে মহিলা মল্লযুঁজাৰুসকলক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন ডব্লিউ এফ আইৰ মুৰব্বী ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে৷ ইয়াৰ পিছতে,ব্রিজ ভূষনে নিজৰ পদৰ পৰা পদত্যাগ কৰাত ২১ ডিচেম্বৰত তেওঁৰ ঘনিষ্ঠ সঞ্জয় সিঙক ডব্লিউ এফ আইৰ নতুন মুৰব্বী হিচাপে নিৰ্বাচিত কৰে।অৱশ্যে এই পদক্ষেপ মল্লযুঁজাৰুসকলে গ্ৰহণ নকৰিলে। মল্লযুঁজাৰুসকলে ডব্লিউ এফ আইৰ প্ৰাক্তন সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ কোনো ঘনিষ্ঠকে ডব্লিউ এফ আইৰ প্ৰশাসনত প্ৰৱেশ নকৰিবলৈ দাবী জনাইছিল।।

You might also like
Leave A Reply

Your email address will not be published.