ম্যানমাৰত নৱবৰ্ষৰ উৎসৱৰ মাজতে ভয়ংকৰ বোমা বিস্ফোৰণ!

বিস্ফোৰণত ৪ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হয় আন ১১ গৰাকী লোক

ইণ্টাৰনেচনেল ডেস্ক:

ম্যানমাৰত নৱবৰ্ষৰ উৎসৱৰ মাজতে ভয়ংকৰ বোমা বিস্ফোৰণ। বিস্ফোৰণটো সংঘটিত হয় পূব ম্যানমাৰৰ শ্বান ৰাজ্যত। প্ৰাপ্ত তথ্য অনুসৰি শ্বান ৰাজ্যৰ লাছিঅ’ টাউনশ্বিপৰ য়ান টাইং আং পেগোডাত বৌদ্ধ ধৰ্মৰ নতুন বছৰ আৰম্ভ হোৱাৰ উপলক্ষে উৎসৱত ভাগ লোৱা জন সমাগম এটাত সংঘটিত হয় এই গাড়ী বোমা বিস্ফোৰণ। বোমা বিস্ফোৰণত ৪ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হয় আন ১১ গৰাকী লোক। বিস্ফোৰণত কমেও তিনিখন বাহন ধ্বংস হয়।কোনো সংগঠনে এই পৰ্যন্ত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

উল্লেখ্য যে, মধ্য ম্যানমাৰত সামৰিক চৰকাৰৰ বিমান আক্ৰমণত প্ৰায় ১৩০ জন লোক নিহত হোৱাৰ মাত্ৰ কেইদিনমান পিছতে সংঘটিত হয় এই বিস্ফোৰণ।।

You might also like
Leave A Reply

Your email address will not be published.