ম্যানমাৰৰ বিদ্ৰোহী শিবিৰত সেনাৰ আক্ৰমণ!

ইণ্টাৰনেচনেল ডেস্ক:

ম্যানমাৰৰ বিদ্ৰোহী শিবিৰত সেনাৰ আক্ৰমণ! ছাগায়িং অঞ্চলৰ কানবালু অঞ্চলত আকাশমাৰ্গেৰে বিদ্ৰোহী শিবিৰত আক্ৰমণ।
মঙলবাৰে ম্যানমাৰৰ সেনাই চলোৱা বিমান আক্ৰমণত মৃত্যু হৈছে মহিলা আৰু বহু শিশুকে ধৰি ১০০ৰো অধিক লোকৰ। সেনাৰ আক্ৰমণক গৰিহণা ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ।

এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ছাগায়িং প্ৰদেশৰ কানবালু টাউনশ্বিপত অৱস্থিত পাজিগি গাঁৱৰ বাহিৰত সমবেত হোৱা লোকৰ ওপৰত এখন যুঁজাৰু বিমানে বোমা নিক্ষেপ কৰে আৰু তাৰ পিছত হেলিকপ্টাৰেৰে গুলীচালনা কৰে। দেশৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডেলেৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ উত্তৰত অৱস্থিত এই প্ৰদেশখন।

প্ৰাৰম্ভিক বাতৰি অনুসৰি মৃত্যুৰ সংখ্যা প্ৰায় ৫০ জন যদিও পিছত স্বতন্ত্ৰ সংবাদ মাধ্যমে মৃত্যুৰ সংখ্যা ১০০ৰো অধিক বুলি প্ৰকাশ কৰে। ইয়াত ঘটনাৰ সবিশেষ স্বতন্ত্ৰভাৱে পৰীক্ষা কৰাটো অসম্ভৱ আছিল কাৰণ তাত থকা সামৰিক চৰকাৰে ৰিপ’ৰ্ট কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।

সামৰিক চৰকাৰৰ মুখপাত্ৰ মেজৰ জেনেৰেল জাউ মিন টুনে ৰাজ্যিক টেলিভিছনক দিয়া ফোন বিবৃতিত উল্লেখ কৰা মতে বিদ্ৰোহী সংগঠনটোৰ কাৰ্যালয় মুকলি কৰাৰ সময়ত এই আক্ৰমণ সংঘটিত হৈছিল। চৰকাৰ বিৰোধী শক্তিয়ে সন্ত্ৰাসবাদৰ হিংসাত্মক অভিযান চলোৱাৰ অভিযোগ।।

You might also like
Leave A Reply

Your email address will not be published.