নিউজ ডেস্কঃ
এক শিহৰণকাৰী ঘটনা৷ আইতাকৰ লগত মোবাইলত ভিডিঅ’ চাই থাকোতেই হঠাৎ মোবাইল বিস্ফোৰণ ঘটি কৰুণ মৃত্যুক সাৱটিলে এটি ৮ বছৰীয়া কণমানিয়ে।
এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ থিৰুভিলৱামালত।
নিহত কণমানিটি পাঝায়ুন্নুৰ ব্লক পঞ্চায়তৰ প্ৰাক্তন সদস্য অশোক কুমাৰ আৰু সৌম্যাৰ ৮ বছৰীয়া কন্যা আদিত্যা শ্ৰী বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, সোমবাৰে নিশা ঘৰত আইতাকৰ সৈতে মোবাইলত ভিডিঅ’ চাই আছিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী আদিত্যাই। সেইসময়তে হঠাৎ ফোনটো বিস্ফোৰণ ঘটি থিতাতে মৃত্যু ঘটে কণমানিটিৰ৷
আদিত্যাই দীৰ্ঘসময় ধৰি ভিডিঅ’ চাই থকাৰ ফলত বেটাৰী গৰম হৈ এই বিস্ফোৰণ সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like