গুৱাহাটীত অঘটন ! সুধাকণ্ঠৰ সমাধি ক্ষেত্ৰত যুৱকৰ মৃত্যু

নিউজ ডেস্ক

জালুকবাৰীস্থিত সুধাকণ্ঠ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত সংঘটিত হয় এক অঘটন। সমাধিক্ষেত্ৰৰ পানীৰ ফাউন্টেইন স্পৰ্শ কৰিবলৈ গৈ বিদ্যুত্‍স্পৃষ্ট হৈ কৰুণ মৃত্যুক আকোঁৱালি লয় এজন যুৱকে । যুৱকজন পাণ্ডু বিবিচি কলনীৰ শুভম ৰয় বুলি জানিব পৰা গৈছে। পৰিয়ালৰ সৈতে সুধাকণ্ঠৰ সমাধিক্ষেত্ৰ দৰ্শন কৰিবলৈ অহা যুৱকজনে পানীৰ ফোৱাৰা স্পৰ্শ কৰিবলৈ যাওঁতে হঠাত্‍ বিদ্যুত্‍স্পৃষ্ট হৈ আঘাতপ্ৰাপ্ত হয়। যুৱকজনক ততাতৈয়াকৈ চিকিত্‍সালয়লৈ নিয়া হয় যদিও চিকিত্‍সকে যুৱকজনক মৃত ঘোষণা কৰে ।।

You might also like
Leave A Reply

Your email address will not be published.