আজি ২৭ এপ্ৰিল

▶️আজি দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস।
▶️আজি টোগোৰ স্বাধীনতা দিৱস।
▶️১৫৫১ চনৰ এই দিনটোতেই ফিলিপাইনৰ ওচৰৰ মকেটান নামৰ দ্বীপত স্থানীয় অধিবাসীৰ লগত সংঘৰ্ষত পৰ্তুগীজ নাৱিক ফাৰ্ডিনাণ্ড মেগেলানৰ মৃত্যু হৈছিল।
▶️১৫২৬ চনৰ আজিৰ দিনটোতেই বাবৰৰ দিল্লীৰ সিংহাসনত আৰোহণ। ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা।বাবৰৰ বাদশ্বাহ উপাধি গ্ৰহণ।
▶️১৭৭৩ চনৰ আজিৰ দিনটোতেই ব্ৰিটিছ সংসদৰ ‘টাউনছেণ্ড’ নামৰ এখন আইন প্ৰণয়ন। এই আইনৰ প্ৰতিবাদত সেই বছৰৰে ডিচেম্বৰত ব’ষ্টনত বিক্ষোভ।ইয়েই ইতিহাসত ‘ব’ষ্টন টী পাৰ্টী’ নামে বিখ্যাত।
▶️১৭৯১ চনৰ আজিৰ দিনটোতেই টেলিগ্ৰাফৰ আৱিষ্কাৰক ছেমুৱেল ফিনলে ব্ৰীজ মৰ্চৰ জন্ম হৈছিল।
▶️১৮০৬ চনৰ এই দিনটোতেই মুক্তি সংগ্ৰামী মণিৰাম দেৱানৰ জন্ম হৈছিল।
▶️১৯০৮ চনৰ আজিৰ দিনটোতেই লণ্ডনত চতুৰ্থ অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল। এই অলিম্পিক ৩১ অক্টোবৰ পৰ্যন্ত চলে।
▶️১৯১০ চনৰ এই দিনটোতেই মাৰ্কিন সাহিত্যিক মাৰ্ক টোৱেইনৰ (প্ৰকৃত নাম ছেমুৱেল লিংহৰ্ন ক্লিমেনছ) মৃত্যু ঘটিছিল।
▶️১৯১৪ চনৰ আজিৰ দিনটোতেই ভাৰত,চীন আৰু তিব্বতৰ মাজত ঐতিহাসিক ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল।
▶️১৯৬০ চনৰ আজিৰ দিনটোতেই পশ্চিম আফ্ৰিকাৰ দেশ টোগোৰ স্বাধীনতা লাভ।
▶️১৯৬০ চনৰ আজিৰ দিনটোতেই নতুন দিল্লীত নেচনেল ডিফেন্স কলেজ মুকলি।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই বাংলাদেশত প্ৰবল ঘূৰ্ণীত ৫০০ লোকৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.