বনৰজাৰ সুৰক্ষাৰ্থে কলিয়াবৰত জাৰি ১৪৪ ধাৰা…

হাতী-মানুহৰ সংঘাতৰ সমান্তৰালকৈ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে বাঘৰ আতংক

নিউজ ডেস্ক:

নৰজাৰ সুৰক্ষাৰ্থে কলিয়াবৰত জাৰি ১৪৪ ধাৰা…

হাতী-মানুহৰ সংঘাতৰ সমান্তৰালকৈ ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে বাঘৰ আতংক।
বনৰজাৰ সুৰক্ষাৰ বাবে কলিয়াবৰৰ দুটাকৈ পথত জাৰি কৰা হ’ল ১৪৪ ধাৰা। কলিয়াবৰ মহকুমা প্ৰশাসনে জাৰি কৰে এই ১৪৪ ধাৰা।

সূত্ৰ অনুসৰি কলিয়াবৰৰ চিলঘাট অঞ্চলত পোৱালিসহ কেইবাটাও ঢেঁকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণক লৈ চিন্তিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। যাৰ ফলত জিলা দণ্ডাধীশে অঞ্চলটোত মানুহৰ আহযাহ বন্ধ কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰিছে৷

কলিয়াবৰ চাহ বাগিচাৰ মাজেদি যোৱা শিলঘাট কামাখ্যা মন্দিৰ, সোণাৰীগাঁও সংযোগী গড়কাপ্তানি পথতো জাৰি কৰা হৈছে ১৪৪ ধাৰা৷
আনহাতে ত্ৰিশূলধাৰী পথতো ১৪৪ ধাৰা জাৰি মহকুমা প্ৰশাসনৰ। বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈকে ১৪৪ ধাৰা জাৰি এই দুটা পথত।

এই সময়ছোৱাত কোনো লোকে আইন উলংঘা কৰিলে বিহীত ব্যৱস্থা গ্ৰহণৰ সকিয়নী কলিয়াবৰ মহকুমা প্ৰশাসনৰ।।

You might also like
Leave A Reply

Your email address will not be published.