ভনীয়েকৰ সমুখতে মৰিয়াই মাৰিয়াই যুৱকক হত্যা!

তিনিচুকীয়াৰ মাকুমত ভগ্নীৰ সন্মুখতে এজন যুৱকক আক্ৰমণ ৮ দুৰ্বৃত্তৰ

নিউজ ডেস্ক

তিনিচুকীয়াৰ মাকুমত ভগ্নীৰ সন্মুখতে এজন যুৱকক আক্ৰমণ ৮ দুৰ্বৃত্তৰ । ৰূপনগৰৰ প্ৰাঞ্জল মৰাণ নামৰ যুৱক জনক দলবদ্ধভাৱে মাৰপিট কৰাৰ লগতে ধৰিবান্ধি এখন বলেৰ’ বাহনৰ ডিকিত ভৰাই থৈছিল দুৰ্বৃত্তৰ দলে। মুমূৰ্ষু অৱস্থাতো ভগ্নীৰ সন্মুখতে মাৰধৰ কৰাত মৃত্যু ঘটে প্ৰাঞ্জলৰ। ঘটনা সন্দৰ্ভত প্ৰাঞ্জল মৰাণৰ পৰিয়ালে এজাহাৰ দাখিল কৰাত ঘটনাৰে জড়িত থকা ৫ যুৱকক আটক কৰিছে আৰক্ষীয়ে। আটকাধীন যুৱক কেইজন ক্ৰমে গান্ধীনগৰৰ নিতা তাঁতী, জিণ্টু তাঁতী, চালিল চাওতাল, কৈলাশ পানীকা আৰু নৰেন প্ৰজা। বৰ্তমানেও পলাতক আন ৩ অভিযুক্ত।।

You might also like
Leave A Reply

Your email address will not be published.