যশস্বী সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ দেহাৱসান

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

বিশিষ্ট সাহিত্যিক, বিজ্ঞানী,শিক্ষাবিদ ড: লক্ষ্মীনন্দন বৰা আৰু নাই। শৰীৰৰ একাধিক ৰোগত ভুগি মহামাৰী কৰ’নাত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটিল ৮৯ বছৰীয়া চিৰসেউজ সাহিত্যিক গৰাকীৰ। ১৯৩২ চনত নগাঁৱৰ কুজিদাহত জন্ম গ্ৰহণ কৰা ড:বৰাই নগাঁৱতে স্কুলীয়া শিক্ষা গ্ৰহণৰ পাছত ঐতিহাসিক কটন মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু কলকাতাৰ প্ৰখ্যাত প্ৰেচিডেন্সিয়েল কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ পৰা বতৰ বিজ্ঞানত পিএইচডি সম্পন্ন কৰা ড:বৰাই আছিল উক্ত বিষয়ত বিশ্ববিদ্যালয়খনৰ প্ৰথমগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী।
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত চাকৰি জীৱন আৰম্ভ কৰি মুৰব্বী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা ড: বৰাই জাৰ্মানীৰ প্ৰসিদ্ধ Johannes Gutenberg University টো কিছুদিন অতিথি অধ্যাপকৰ আসন শুৱনি কৰিছিল।
এগৰাকী বিজ্ঞানীৰূপে সুনাম অৰ্জন কৰা ড:লক্ষ্মীনন্দন বৰা অসমীয়া সাহিত্য জগতৰ এক চিৰনমস্য ব্যক্তিত্ব। এগৰাকী উপন্যাসিক আৰু চুটি গল্পকাৰ ৰূপে কালজয়ী অবদান আগবঢ়াই যোৱা বিশিষ্ট সাহিত্যিক গৰাকীয়ে পাতাল ভৈৰৱী,কায়কল্পৰ দৰে যুগান্তকাৰী সৰ্বসমাদৃত উপন্যাসকে ধৰি তিনিকুৰিৰো অধিক গ্ৰন্থৰে অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা বিশিষ্ট সাহিত্যিক গৰাকীয়ে সাহিত্য অকাডেমী,সৰস্বতী সন্মান, অসম উপত্যকা সাহিত্য বঁটা,অসম প্ৰকাশন পৰিষদৰ জীৱনজোৰা সাধনা বঁটা,ভাৰতীয় ভাষা পৰিষদ ৰচনা সমগ্ৰ বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰাৰ লগতে ২০১৫ চনত ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰেও বিভূষিত হৈছিল।
অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষৰ পদতো অধিস্থিত হোৱা এইগৰাকী নমস্য ব্যক্তিয়ে ৰাজ্যৰ একাধিক কাকত-আলোচনীৰ সম্পাদনাৰ লগতে মৃত্যু পৰ্যন্ত প্ৰসিদ্ধ সাহিত্য আলোচনী গৰীয়সী সম্পাদক আছিল।
মৃত্যুৰ সময়ত এগৰাকী বৰেণ্য ব্যক্তিয়ে পত্নী মাধুৰী বৰাৰ লগতে একমাত্ৰ জীয়াৰী অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা সেউজী বৰা, দুই পুত্ৰ অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া ত্ৰিদীপ নন্দন বৰা আৰু IIT গুৱাহাটীৰ অধ্যাপক স্বৰুপ নন্দন বৰাক ইহসংসাৰত এৰি থৈ গৈছে।
বিশিষ্ট সাহিত্যিক, বিজ্ঞানী গৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য। এন ই ভাৰত পৰিয়ালেও এগৰাকী বটবৃক্ষৰ মহাপ্ৰয়াণত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পবিত্ৰ আত্মাৰ সদ্গতি কামনা কৰিছো।।

You might also like
Leave A Reply

Your email address will not be published.