যোৰহাটত নৃশংসতাৰ বলি ছাত্ৰ নেতা

যোৰহাটত ম’ৰেল পুলিচৰ নৃশংসতা।৫০ জনীয়া দলৰ আক্ৰমণত নিহত ছাত্ৰ নেতা।যোৰহাটৰ নিৰ্মল চাৰিআলিত এটা সামান্য দূৰ্ঘটনাক কেন্দ্ৰ কৰি ৩ যুৱকক নিৰ্মম প্ৰহাৰ ৫০ জনীয়া দলৰ।আছু নেতা অমিনেষ ভূঞা,প্ৰণয় দত্ত আৰু সাংবাদিক মৃদুস্মন্ত বৰুৱাৰ ওপৰত এই আক্ৰমণ।গুৰুতৰ ভাবে আহত তিনিওজনকে JMCHলৈ নিয়া হয় যদিও গোলাঘাটৰ খকন্দগুৰীৰ আছু নেতা অনিমেষ ভূঞাক চিকিৎসকে মৃত ঘোষণা কৰে।উল্লেখযোগ্য যে মৃত অনিমেষ গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছিল। এই জঘন্য অমানৱীয় বৰ্বৰতাৰ বিৰুদ্ধে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.