জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়ালৈ আন্তৰ্জাতিক সন্মান

আন্তৰ্জাতিক সংবাদ কৰ্মী সুৰক্ষা সংস্থা ‘প্ৰেছ এম্ব্লেম কেম্পেইন’ৰ বাৰ্ষিক পুৰস্কাৰ লাভ কৰিছে অসমৰ জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়াই। ভাৰতৰ লগতে দক্ষিন-পূব এছিয়াৰ কৰ্মৰত সাংবাদিকৰ অধিকাৰ, সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে জেনেভাস্থিত পি ই চি য়ে এই বছৰ ঠাকুৰীয়াক এই বঁটাৰে সন্মানিত কৰে।

উল্লেখ্য যে, এই সন্মান লাভ কৰা ঠাকুৰীয়া হ’ল ভাৰতৰ প্ৰথম গৰাকী সাংবাদিক। কৰ’না কালৰ বাধা-নিষেধৰ বাবে ঠাকুৰীয়া ছুইজাৰলেণ্ডত উপস্থিত হ’ব নোৱাৰাৰ কাৰনে তেওঁক ভাৰ্ছুৱেলী এই বঁটা প্ৰদান কৰা হয় । আনকি দ্ৰুত কভিড সংক্রমনৰ প্ৰতি লক্ষ্য ৰাখি জেনেভা প্ৰেছ ক্লাবত আয়োজন কৰা স্থানীয় সাংবাদিকৰে ঠাকুৰীয়াৰ বাৰ্তালাপ অনুষ্ঠানো বাতিল কৰা হয়।
“এই বছৰ প্ৰথমবাৰৰ বাবে পি ই চি য়ে পৃথিৱীৰ দ্বিতীয় জনবহুল দেশ ভাৰতৰ এগৰাকী পেছাদাৰী সাংবাদিকক এই বঁটাৰ বাবে বাছনি কৰিছে। বৃহত্তম গণৰাজ্য ৰূপে পৰিচিত ভাৰতত এক শক্তিশালী গণমাধ্যমো বিদ্যমান । দেশখনত যোৱা বছৰ ১৫ গৰাকী সংবাদকৰ্মীৰ হত্যাৰ ঘটনা পোহৰলৈ আহিছে। তাৰ লগে লগে সাংবাদিক সকলে বিভিন্ন সময়ত শাৰীৰিক- মানসিক নিৰ্যাতনৰো বলি হৈছে,” এই মন্তব্য আন্ত:ৰাষ্ট্ৰীয় সংস্থাটোৰ সম্পাদক-প্ৰধান ব্লেইজ লেম্পনৰ ।
এই বছৰ বৰ্তমানলৈ ভাৰতত ৬ গৰাকী সাংবাদিকৰ হত্যাৰ তথ্য প্ৰকাশ পাইছে। তদুপৰি 2020 চনৰ মাৰ্চৰ পৰা কৰ’না ভাইৰাছৰ চিকাৰ হৈ মৃত্যুবৰণ কৰিছে প্ৰায় ৩০০ সাংবাদিকে । নিজ দেশৰ লগতে ঠাকুৰীয়াই চুবুৰীয়া ৰাষ্ট্ৰ ব্ৰক্ষ্মদেশৰ সাংবাদিক সকলৰো নিৰ্যাতনৰ তথ্য সংগ্ৰহ কৰিছে। যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা সামৰিক শাসনৰ কালত প্ৰায় ১২০ গৰাকী সাংবাদিকক আটক কৰা হৈছে।
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্নাতক ঠাকুৰীয়াই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সংবাদমাধ্যমত নিজ অঞ্চলৰ বা-বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ কৰি আহিছে। পি ই চি (www.pressemblem.ch)ৰ এই সন্মানে দক্ষিন আৰু দক্ষিন-পূব এছিয়াৰ সাংবাদিকসকলৰ প্ৰত্যাহ্বানৰ প্ৰসংগ আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ কঢ়িয়াই নিব বুলি ঠাকুৰীয়া আশাবাদী ।
অগ্ৰণী এই সংস্থাটোৱে ২০২০ চনত এই বঁটা আগবঢ়াইছিল মেক্সিকোৰ সাংবাদিক কাৰমেন এৰিষ্টেগুইক । তাৰ আগত এই সন্মান লাভ কৰে আফগানিস্তান,মালটা, তুৰ্কী, ৰাছিয়া, ছিৰিয়া, ইউক্ৰেইন, ছুইজাৰলেণ্ড, গুৱেটামালা, টিউনিছিয়া, ইজিপ্ত, ফিলিপাইনছ আদি দেশৰ সাংবাদিক আৰু সাংবাদিক-সংগঠনে।

You might also like
Leave A Reply

Your email address will not be published.