আজি ৩০ নৱেম্বৰ

➡ ১৬৬৭ চনৰ আজিৰ দিনটোতে ইংৰাজ ব্যংগ লেখক জনাথন ছুইফটৰ জন্ম হৈছিল।

➡ ১৮৫৮ চনৰ ৩০ নৱেম্বৰত ভাৰতীয় উদ্ভিদ-বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ জন্ম হৈছিল।

➡ ব্ৰিটিছ প্ৰধান মন্ত্ৰী,ৰাজনীতিবিদ ছাৰ উইনষ্টন চাৰ্চিলৰ (সম্পূৰ্ণ নাম উইনষ্টন লিঅ’নাৰ্ড স্পেন্সাৰ চাৰ্চিল) জন্ম হৈছিল ১৮৭৪ চনৰ আজিৰ দিনটোতে।

➡ ১৯৬৬ চনৰ ৩০ নৱেম্বৰত বাৰবাডোজে স্বাধীনতা লাভ কৰিছিল।

➡ ১৯৬৮ চনৰ আজিৰ দিনটোতে সাহিত্যিক জ্ঞাননাথ বৰাৰ মৃত্যু হৈছিল।

➡ অটল বিহাৰী বাজপেয়ী বিজেপি সংসদীয় দলৰ নেতা নিৰ্বাচিত হৈছিল ১৯৮৯ চনৰ ৩০ নৱেম্বৰত।

➡ ১৯৮৯ চনৰ আজিৰ দিনটোতে ১৯৩ খন আসন লাভ কৰি কংগ্ৰেছ লোকসভাৰ একক বৃহত্তম ৰূপে পৰিগণিত হৈছিল।

➡ ১৯৯০ চনৰ ৩০ নৱেম্বৰত এডমিৰেল লক্ষ্মীনাৰায়ণ ৰামদাস ভাৰতীয় নৌ সেনাধ্যক্ষ পদত নিযুক্ত হৈছিল। ১৯৯৩ চনৰ ৩০ ছেপ্টেম্বৰলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।

➡ সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হৈছিল ১৯৯৮ চনৰ আজিৰ দিনটোতে।

➡ ২০০০ চনৰ ৩০ নৱেম্বৰত প্ৰিয়ংকা চোপ্ৰাই মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছিল।

➡ ২০০৩ চনৰ আজিৰ দিনটোতে কংগোত শোকাৱহ বিমান দুৰ্ঘটনাত ২২ গৰাকী যাত্ৰী নিহত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.