যোৰহাট জিলা আহোম সভা বৰ্ধিত কাৰ্যনিবাহক সভা সম্পন্ন

যোৰহাট জিলা আহোম সভা বৰ্ধিত কাৰ্যনিবাহক সভা সম্পন্নঃ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ

যোৰহাট, ২০ অক্টোবৰঃ আজি যোৰহাটৰ জয়া ভৱনৰ ডামনাং পুষ্পা গগৈ সভাকক্ষত যোৰহাট জিলা আহোম সভাৰ বৰ্ধিত কাৰ্যনিবাহক সভাখনি জিলা আহোম সভাৰ সভাপতি পুলিন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। জিলা সমিতিৰ সাধাৰণ সম্পাদক ঘণশ্যাম গগৈয়ে উদ্দেশ্যব্যখ্যা কৰা সভাখনত জিলা সভাৰ সমূহ সদস্য-সদস্যাৰ, আঞ্চলিক সমিতিৰ বিষয়বব্বীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জ্যোতিপ্ৰসাদ গগৈ বুঢ়াগোঁহাই, সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ প্ৰমুখ্যে কেইবাজনো বিষয়বব্বীয়া উপস্থিত থকা সভাত বহুকেইটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃত ভাৱে আলোচনা হোৱাৰ লগতে আলোচ্যবিষয় সমূহৰ বিপৰীতে প্ৰস্তাৱ গ্ৰহণ কৰি চৰকাৰৰ লগতে বিভাগীয় কতৃপক্ষ সমূহলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত অসমৰ লগতে যোৰহাটৰ বিভিন্নস্থানত হৈ থকা ঐতিহাসিক সম্পদ, কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ আৰু বে-দখন মুক্ত কৰাৰ লগতে কিছু কিছু স্থানত চলি থকা বে-আইনি কাৰ্যকলাপ সমূহ বন্ধ কৰিবলৈ বিভাগীয় কতৃপক্ষ সমূহক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আজি জিলা আহোম সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি যোৰহাটৰ তৰাজানস্থিত বৰগোহাঁই পুখুৰীত (তৰাজান পুখুৰী) বিগত কিছু বছৰৰ পৰা নতুনকৈ আয়োজিত কৰিবলৈ লোৱা ‘পূজা’ শীঘ্ৰে বন্ধ কৰা। যোৰহাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়স্থিত ৰাজবাৰী আৰু লগতে থকা ৰাজকাৰেঙৰ পুখুৰী সংৰক্ষণৰ বাবে জিলা আয়ুক্ত আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পুনৰ আৱেদন। ৰাজকাৰেং ক্ষেত্ৰত আহোম সাম্ৰাজ্যৰ শিঙৰী ঘৰৰ আৰ্হিত ৰাজকাৰেং নিৰ্মাণৰ প্ৰস্তাৱ। সদৌ অসম আহোম সভাৰ যোৰহাট জিলা সমিতিৰ বাবে প্ৰস্তাৱিত কলিয়াপানী অঞ্চলৰ ভূমি অতি সোনকালে যোৰহাট জিলা আহোম সভাৰ নামত হস্তান্তৰ বাবে ব্যৱস্থা গ্ৰহণ। টাই আহোম সকলৰ সন্মানীয় আৰু পবিত্ৰ চিহ্ন ‘ঙি-ঙাও-খাম’ বা ‘পৱিত্ৰ উৰণীয়া ড্ৰেগণ’ৰ ছবি বাণিজ্যিক লাভালাভৰ বাবে ব্যৱহাৰ কৰা ব্যৱসায়ী সকললৈ এই পবিত্ৰ প্ৰতীক চিহ্ন ব্যৱহাৰ নকৰিবলৈ আহ্বান অন্যথা আইনী ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী প্ৰদান। সাম্প্ৰতিক সময়ত বিয়া সবাহত ভোজৰ খাদ্য বিলনীয়া কিছুমান যুৱতীৰ দলৰ সদস্যই টাই আহোম সকলৰ সন্মানীয় ৰাজকীয় পোছাক পিন্ধি পোছাকজোৰৰ মৰ্য্যদাহানি কৰা পৰিলক্ষিত হৈছে। গতিকে টাই আহোম জাতিৰ উক্ত ঐতিহ্যৰ প্ৰতি অপমানসূচক কাৰ্য্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান অন্যথা আইনী ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণীকে আদিকৰি মুঠ ১৬টাকৈ প্ৰস্তাৱ সভাই গ্ৰহণ কৰে।

You might also like
Leave A Reply

Your email address will not be published.