লাভলীনালৈ শুভেচ্ছাৰে মুখ্যমন্ত্ৰীৰ নেতৃত্বত চাইকেল ৰেলী

স্পৰ্টছ ডেস্ক, এন ই ভাৰত-

টকিঅ’ অলিম্পিকলৈ যোৱা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোহাঁইক উৎসাহিত কৰাৰ বাবে অসম চৰকাৰৰ পদক্ষেপ। পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিশাল চাইকেল ৰেলী। দিছপুৰ লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ চাইকেল ৰেলীত শাসক-বিৰোধী মন্ত্ৰী-বিধায়কৰ লগতে অংশ ল’লে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু উপাধ্যক্ষ ডাঃ নোমল মমিনেও। ধনশিৰী মহকুমাৰ অসম গৌৰৱ লাভলীনালৈ শুভেচ্ছা মূলক এই চাইকেল ৰেলীৰ আয়োজন কৰে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে।

You might also like
Leave A Reply

Your email address will not be published.