লিডুৰ বিশিষ্ট ব্যক্তি ৰবীন শৰ্মাৰ মৃত্যু

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

তিনিচুকীয়া জিলাৰ লিডুবাসীৰ নমস্য ব্যক্তি ৰবীন শৰ্মাৰ দেহাৱসান। শৰ্মাৰ মৃত্যুত লিডুবাসীয়ে হেৰুৱালে এক অভিভাৱকসুলভ ব্যক্তিত্ব । অৱসৰপ্ৰাপ্ত শিক্ষক, সাহিত্যিক, কবি, নাট্যকাৰ অভিনেতা শৰ্মা আছিল লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তথা লিডুৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অন্যতম পথপ্ৰদৰ্শক । তেওঁ আছিল আজন্ম আঞ্চলিকতাবাদত বিশ্বাসী।
মাাত্ৰ এপষেক পূৰ্বে শৰ্মাৰ পত্নী মিনতি শৰ্মাৰো মৃত্যু ঘটিছিল।

বিশিষ্ট ব্যক্তি গৰাকীৰ মৃত্যুত সমগ্ৰ লিডু অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে। ।

You might also like
Leave A Reply

Your email address will not be published.